শিক্ষকতা জীৱন
১/ মই ১৯৯৩ চনৰ ১১ মেই মঙ্গল বাৰে মোৰ শিক্ষকতা জীৱনৰ প্ৰথম খোজ দিছিলো । সেই দিনটোতে অসম চৰকাৰৰ তেজপুৰ মহকুমাৰ বিদ্যালয় সমুহৰ উপ-পৰিৰ্দশক মহোদয়ে মোক সহকাৰী শিক্ষক পদত নিযুক্তি দিয়া নিযুক্তি পত্ৰৰে মোৰ প্ৰথম কৰ্মত যোগদান কৰা হয় । মই যোগদান কৰা বিদ্যালয় খন হ'ল দ,বেছেৰীয়া নিম্ন বুনিয়াদী বিদ্যালয়ত কৰ্ম জীৱনৰ প্ৰথম বিদ্যালয় খনৰ তদা- -নিন্তন প্ৰধান শিক্ষক মহোদয় শ্ৰীযুত যজ্ঞেশ্বৰ না- -থ দেৱৰ অধীনত ১০-৩৩ বজাত মই সহকাৰী শিক্ষক হিচাবে যোগদান কৰো । সেই দিনৰ পৰা নিজ কাৰ্য কৰি যোৱা হয়। বিভাগীয় ভাবে বদলিৰ নিৰ্দেশ আহিল যে মই চিলভাৰ জুবিলী প্ৰাথমিক বিদ্যালয়ত যোগদান কৰিব লাগে । গতিকে মই ১৯৯৭ চনৰ ২৩ জুন তাৰিখ সোমবাৰে দিনৰ ১০-৩০ বজাত চিলভাৰ জুবিলী প্ৰাথমিক বিদ্যালয়ত তদানিন্তন প্ৰধান শিক্ষক মহোদয় শ্ৰীযুত হেমধৰ পটঙ্গীয়া দেৱৰ অধিনত সহকাৰী শিক্ষক হিচাবে যোগদান কৰো । মোৰ কৰ্ম জীৱনৰ বিভিন্ন ঘটনা-পৰিঘটনা মাজেৰে আজিলৈকে চিলভাৰ জুবিলী প্ৰাথমিক বিদ্যালয়ত শিশু সকলৰ মাজত আনন্দদায়ক শিক্ষা , গুণগত শিক্ষা , মুল্য বোধৰ শিক্ষাৰে নিজ কৰ্মত কৰ্